বুধবাৰে ৰাজ্যত ৫৫জন ক’ৰোনা আক্ৰান্তৰ মৃত্যু

গুৱাহাটী: অসমত কালিৰ দিনটোত ৰাজ্যত ৪,৮২৬ গৰাকী আক্ৰান্ত হয় ক’ৰোনাত। ইয়াৰ ভিতৰত ১৩৮৩ জন কামৰূপ মেট্ৰ’ৰ। বুধবাৰৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৫। কালি মুঠ ৫২,০৭৪ জন লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল। ইয়াৰ ভিতৰত ৯.২৭ শতাংশ লোকৰ দেহত ধৰা পৰে ক’ৰোনাৰ উপস্থিতি।

Comments (0)
Add Comment