২ বজাতে সকলো দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশনা! ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজত হাহাকাৰ…

ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ তুলনাত অধিক সষ্টম হৈছে ৰাজ্য প্ৰশাসন। ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ সান্ধ্য আইনৰ সময়সীমা সলনি কৰিছে চৰকাৰে। পূৰ্বৰ নিশা ৮ বজাৰ সলনি এতিয়াৰে পৰা সন্ধিয়া ৬ বজাৰে পৰা কাৰ্যকৰী হ’ব সান্ধ্য আইন। একেদৰে সন্ধিয়া ৬ বজাৰ পৰা নিশা ৫ বজালৈকে বাহাল থাকিব সান্ধ্য আইন।

প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতে বুধবাৰে দিনৰ ২ বজাতে বন্ধ কৰা হয় সকলো দোকান-পোহাৰ। কোনো লোকে যাতে প্ৰশাসনৰ নিৰ্দেশনা অমান্য নকৰে সেইক্ষেত্ৰত গুৰুত্ব দিছে আৰক্ষীয়ে। ইফালে প্ৰশাসনৰ এই কাৰ্যত ক্ষোভ প্ৰকাশ কৰে একাংশ ব্যৱসায়ীয়ে।

মহানগৰীৰ ফাঁচীবজাৰৰ একাংশ ফলমূল ব্যৱসায়ীয়ে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি দুপৰীয়াৰে পৰা দোকান বন্ধ কৰাৰ ফলত তেওঁলোকৰ ফলমূল নষ্ট হৈ যাব বুলি অভিযোগ কৰে। ইফালে এনেদৰে দোকান বন্ধ কৰাৰ সলনি সম্পূৰ্ণৰূপে লকডাউন দিয়াৰ বাবেও দাবী কৰে ব্যৱসায়ীসকলে।

প্ৰশাসনৰ তৰফৰ পৰা আন আন কেতবোৰ নিৰ্দেশনাও দিয়া হৈছে। এই অনুসৰি, ২০জনৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব বিবাহ অনুষ্ঠানত৷

অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব একেই নিৰ্দেশনা৷ সভা-সমিতিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ কেৱল চৰকাৰী কাৰ্যালয়েই নহয়, ব্যক্তিগত খণ্ডৰ কাৰ্যালয়ো দুপৰীয়া ২ বজাৰ পিছত বন্ধ ৰাখিব লাগিব৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত শিথিল হ’ব চৰকাৰী নিৰ্দেশনা৷

AssamCloseCurfueShop
Comments (0)
Add Comment