দেওবাৰে দেশত আক্ৰান্ত ৩,৬৮,১৪৭

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৩,৬৮,১৪৭। কালিৰ দিনটোত ৩৪১৭গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ৩,০০,৭৩২গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৯৯,২৫,৬০৪গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৬২,৯৩,০০৩ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,১৮,৯৫৯ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩৪,১৩,৬৪২ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment