প্ৰাক্তন বিধায়ক হেমেন দাস অসুস্থ

সৰভোগ: সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা CPI (M)ৰ বৰ্ষীয়ান নেতা হেমেন দাস ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে৷ বৃহস্পতিবাৰৰ পৰাই অসুস্থ হৈ থকাৰ বাবে প্ৰবীণ বামপন্থী নেতাগৰাকীক শুকুৰবাৰে পুৱাই GNRC হাস্পতালত ভৰ্তি কৰোৱা হয়৷ বৰ্ষীয়ান নেতাগৰাকী বৰ্তমান সুস্থ বুলি জনাইছে চিকিৎসকে৷ ৯০ বয়স অতিক্ৰম কৰা CPI (M)ৰ বৰ্ষীয়ান নেতা হেমেন দাসৰ আশু আৰোগ্য কামনা কৰিছে ৰাজ্যবাসীয়ে৷

Comments (0)
Add Comment