দেশত ক’ৰোনাৰ জটিল ৰূপ

নতুন দিল্লী: দেশত ক’ৰোনাৰ কাল ৰূপ। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্তৰ সংখ্যা ৪,০১,৯৯৩। কালিৰ দিনটোত ৩৫২৩গৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ বিপৰীতে ২,৯৯,৯৮৮গৰাকী সুস্থ হৈ উঠে। বৰ্তমানলৈ দেশৰ ১,৯১,৬৪,৯৬৯গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ১,৫৬,৮৪,৪০৬ গৰাকী সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ ২,১১,৮৫৩ গৰাকী লোকৰ মৃত্যু হয়। ভাৰতত বৰ্তমানো ৩২,৬৪,৭১০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment