ৰাজ্যত নতুনকৈ আক্ৰান্ত ৩১৩৭গৰাকী

গুৱাহাটী: বাঢ়িয়েই আছে ৰাজ্যৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ আক্ৰান্ত হয় ৩১৩৭ গৰাকী লোক। ইয়াৰে ১১৫৩গৰাকী কামৰূপ মেট্ৰ’ৰ। কালিৰ দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫। ইফালে সোমবাৰে সুস্থ হৈ উঠে ৮২৮গৰাকী লোক। ইয়াকে লৈ অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ১৭,৭৬৪। ৰাজ্যত বৰ্তমানলৈ ২,২০,৩৪৪ গৰাকী আক্ৰান্ত সুস্থ হৈ উঠাৰ বিপৰীতে মুঠ মৃত্যুৰ সংখ্য়া ১,২১৫।

Comments (0)
Add Comment