বিগ্ৰেডিয়াৰ জীৱন মৰাণক অব্যাহতি আলফা(স্বা)ৰ

গুৱাহাটী: আলফা স্বাধীনৰ পৰা অব্যাহতি ঘোষণা জীৱন মৰাণৰ। আলফাৰ জ্যেষ্ঠ নেতা তথা ব্ৰিগেডিয়াৰ জীৱন মৰাণ সংগঠনটোৰ বিত্তীয় সম্পাদকৰ দায়িত্বত আছিল। বৰ্তমান অসুস্থ আলফা স্বাধীনৰ জ্যেষ্ঠ নেতাগৰাকী। সেয়ে চিকিৎসাৰ লগতে পৰিয়ালৰ লোকৰ মাজত জীৱনৰ বাকীখিনি সময় কটোৱাৰ বাবে আলফা স্বাধীনে অব্যাহতি দিয়ে জীৱন মৰাণক। এক বিবৃতিযোগে এই কথা সদৰী কৰিছে আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিত অসমে। উল্লেখযোগ্য যে, জীৱন মৰাণৰ ঘৰ কাকপথাৰৰ উৱন গাঁৱত। ১৯৯২ চনত আলফাত যোগদান কৰিছিল মৰাণে।

Comments (0)
Add Comment