ৰাজ্যত বাঢ়িয়েই আছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা

গুৱাহাটী: শুকুৰবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২৩৮৪ গৰাকী। ইয়াৰে ৮৮৩ গৰাকী কামৰূপ মেট্ৰ’ৰ। কালিৰ দিনটোত ৰাজ্যত মৃত্যু হয় ১২গৰাকীৰ। অসমত বৰ্তমান ১২,৫৯৫ ক’ৰোনা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে। বৰ্তমানলৈ ৰাজ্যত ১,৩৪৭গৰাকী লোকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে ২,১৮,৩৩৯গৰাকী লোক সুস্থ হৈ উঠিছে।

Comments (0)
Add Comment