দেশত ক’ৰোনাৰ সংহাৰ অব্যাহত

দিল্লী: ভাৰতত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ৩,৪৬,৭৮৬ গৰাকীকৈ লোক ক’ৰোনাত আক্ৰান্ত হয়। শুকুৰবাৰে দেশত ২,৬২৪গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ২,১৯,৮৩৮গৰাকী লোক সুস্থ হৈ উঠে। ভাৰতত বৰ্তমানলৈ ১,৬৬,১০,৪৮১ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ লগতে সুস্থ হৈ উঠে ১,৩৮,৬৭,৯৯৭ গৰাকী লোক। ১,৮৯,৫৪৪ গৰাকী ভাৰতীয়ৰ এই পৰ্যন্ত মৃত্যু হৈছে ক’ৰোনাত। দেশত এতিয়াও ২৫,৫২,৯৪০গৰাকী লোক চিকিৎসাধীন হৈ আছে।

Comments (0)
Add Comment