আজি ৰাজ্যৰ ৪০ টা সমষ্টিত ভোটগ্ৰহণ

গুৱাহাটী: আজি ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজি ৩৩৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৯,১৯,৬৪১গৰাকী ভোটাৰে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪০,১১,৫৩৯ গৰাকী পুৰুষ ভোটাৰ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা ভোটাৰ আৰু ১৩৯ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ৩১২গৰাকী পুৰুষ প্ৰাৰ্থী আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থী সকলৰ ভিতৰত বিজেপিৰ ২০ গৰাকী, অগপৰ ১৩ গৰাকী, UPPLৰ ৮ গৰাকী, কংগ্ৰেছৰ ২৪ গৰাকী, CPIMৰ এগৰাকী, BPFৰ ৮গৰাকী, অসম জাতীয় পৰিষদৰ ২২ গৰাকী, নিৰ্দলীয় প্ৰাৰ্থী আছে ২৬ গৰাকী, তৃণমূল কংগ্ৰেছৰ ১০ গৰাকী আৰু JDUৰ ১৯ গৰাকী।

Comments (0)
Add Comment