মহানগৰীত সাংবাদিকৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী: মহানগৰীত সাংবাদিকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই লৈছে নতুন মোৰ। নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পূৰ্বজ্যোতি চুতিয়াৰ মৃতদেহ নলাত আজি পুৱাৰ ভাগত উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে চলাইছে অনুসন্ধান। তদন্তৰ খাতিৰত বহু তথ্য ৰাজহুৱা কৰা নাই যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা ম’বাইল ফোন।

এই ম’বাইলটোত পোৱা গৈছে সাংবাদিক পূৰ্বজ্যোতিক ধন দাবী কৰাৰ চাঞ্চল্যকৰ এছ এম এছ। যোৱা ৬ জানুৱাৰীত জুলফিকৰ নামৰ এজন লোকে দাবী কৰিছিল ধন। দাবী কৰা ধন নিদিলে প্ৰাণে মৰাৰো ভাবুকি দিছিল পূৰ্বজ্যোতিক। ইয়াৰ এদিনৰ পিছতে পুনৰ ভাবুকি সম্বলিত অনুৰূপ মেছেজ দিছিল জুলফিকৰে।

ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে আটক কৰিছে ধনদাবীত অভিযুক্ত জুলফিকৰক। আনহাতে পূৰ্বজ্যোতিৰ এই মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে তেওঁৰ কন্যাই। সাংবাদিক চুতিয়াৰ কন্যাৰ অভিযোগ আৰু জুলফিকৰৰ ধনদাবী সম্বলিত ম’বাইল এছ এম এছক লৈ সমগ্ৰ ঘটনাৱলীক অধিক ৰহস্যঘন কৰি তুলিছে। আৰক্ষীৰ তদন্তত হয়তো অচিৰেই পোহৰলৈ আহিব আৰু ন ন তথ্য।

Comments (0)
Add Comment