আহি আছে নড্ডা, ২২ মাৰ্চত উজনিত মাৰাথন নিৰ্বাচনী সভা

গুৱাহাটী: নিৰ্বাচনৰ প্ৰাক্ক্ষণত ঘনে ঘনে অসমলৈ উৰিছে দিল্লীৰ ষ্টাৰ কেম্পেইনাৰ। অহা ২২ মাৰ্চত অসমলৈ আহিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। তিনিখনকৈ নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। টিংখং, তিতাবৰ আৰু বিহালীৰ জনসভাত অংশগ্ৰহণ কৰিব জে পি নড্ডাই।

টিংখঙত বিমল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব নড্ডাই। পুৱা ১১ বজাত এই ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰাৰ পাছতে দিনৰ ১ বজাত তিতাবৰ সমষ্টিত হেমন্ত কলিতাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ পাছতে বিহালীলৈ উৰা মাৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী। মন্ত্ৰী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ পাছতে বিয়লি ৪ বজাত তেজপুৰৰ শালনীবাৰী বিমানবন্দৰৰপৰা তেওঁ উভতিব দিল্লীলৈ।

Comments (0)
Add Comment