danewsplus.com
danewsplus.com

ডিব্ৰুগড়ৰ মহিলা চিকিৎসকৰ দেহত ক’ভিডৰ ডেল্টা-আলফা ভেৰিয়েণ্ট,ব্ৰিটেইন, ব্ৰাজিলৰ পিছত ভাৰতত প্ৰথমবাৰলৈ ক’ভিডৰ এই সংক্ৰমণ

0 406

একেজন ৰোগীৰ দেহতে ক’ভিডৰ দুটা ভেৰিয়েণ্টৰ উপস্থিতি ৷ দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে একেজন ৰোগীৰ দেহত ধৰা পৰিছে ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি ৷ ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ দেহত প্ৰথমবাৰলৈ ধৰা পৰিছে ক’ভিডৰ দুই ভয়াৱহ ৰূপ ৷ ডিব্ৰুগড়ৰ আঞ্চলিক গৱেষণা কেন্দ্ৰত পোহৰলৈ আহিছে এই তথ্য ৷

সম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতো মহিলাগৰাকীৰ শৰীৰত মৃদু লক্ষণে দেখা দিয়াত চিন্তিত হৈ পৰিছে চিকিৎসকমহল ৷ ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত পৃথক পৃথক ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ ফলতেই আক্ৰান্ত চিকিৎসকগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিডৰ দুয়োটা ৰূপৰ উপস্থিতি ৷ ইয়াৰ আগতে ব্ৰিটেইনত প্ৰথমবাৰলৈ ধৰা পৰিছিল এনে ধৰণৰ ৰোগী ৷

আনহাতে ব্ৰাজিলতো শেহতীয়াকৈ চিনাক্ত হৈছিল ক’ভিডৰ দুয়োটা ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত ৰোগী ৷ তাৰ পিছতেই ডিব্ৰুগড় জিলাত দেশৰ ভিতৰত প্ৰথমবাৰলৈ এনে ৰোগী চিনাক্ত হোৱাত চিন্তিত হৈ পৰিছে চিকিৎসক তথা বৈজ্ঞানিকসকল ৷ আনহাতে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই জানিবলৈ দিয়া মতে ক’ভিডৰ এই দুয়োটা ভেৰিয়েণ্টৰ অত্যাধিক সংক্ৰমণৰ বাবে এনে ঘটনাক অধিক ভয়াৱহ হিচাপে চিহ্নিত কৰিব পাৰি ৷

Leave A Reply

Your email address will not be published.