danewsplus.com
danewsplus.com

নগাঁৱৰ কঠিয়াতলীত পাঁচটা স্থানত কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ

0 291

কঠীয়াতলীৰ নিজ কঠিয়াতলী, কছাৰী গাঁও, নামবৰ লালুং, ৰেংবেং, শগুণবাহী অঞ্চলক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাতো এতিয়া ক’ভিডে ত্ৰাসৰ সৃষ্টি কৰিছে। জিলাখনৰ কঠিয়াতলীৰ বিভিন্ন স্থানত এতিয়া ক’ভিডৰ দ্ৰুত সংক্ৰমণ ঘটিছে। যাৰ বাবে কঠিয়াতলীৰ পাঁচটা স্থানক ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে।

কঠিয়াতলীৰ বহু অঞ্চলত মানুহৰ অহা–যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আনহাতে ক’ভিড আক্ৰান্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰা খাদ্য সামগ্ৰী জিলা প্ৰশাসনৰ হৈ বিতৰণ কৰে কামপুৰ ৰাজহ চক্ৰ বিষয়া ডঃ সংগীতা বৰঠাকুৰে।

উল্লেখ্য যে, কোভিডৰ নীতি–নিয়ম নমনাৰ বাবেই নগাঁও জিলাৰ কঠিয়াতলীত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা৷ সেয়ে সকলো জনসাধাৰণক এতিয়া সজাগ আৰু সচেতন থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.