danewsplus.com
danewsplus.com

পৰিৱেশতন্ত্ৰত গঁড়ৰ গুৰুত্বৰ বিষয়ে ৯০০ শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি

0 461

ডিজিটেল ডেস্কঃ অসমৰ বিখ্যাত এটা খৰ্গ যুক্ত গঁড়ৰ সংৰক্ষণৰ বিষয়ে স্কুলীয়া শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে হাতত লোৱা “গঁড়ৰ বিদ্যালয় যাত্ৰা” শীৰ্ষক অভিলাষী অভিযানৰ অংশ হিচাপে কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সমীপৱৰ্তী চাৰিখন বিদ্যালয়ত অনুষ্ঠিত এলানি কাৰ্যসূচীত প্ৰায় ৯০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ইয়াৰে কাজিৰঙা ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ কাষত অৱস্থিত লোহিতমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এটা কাৰ্যসূচীত প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

এই সজাগতা অভিযানৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলক গঁড় সম্পৰ্কীয় বিভিন্ন দিশ, ইয়াৰ অভ্যাস আৰু বাসস্থান আৰু পৰিৱেশ তন্ত্ৰত আৰু আমাৰ মংগলৰ বাবে ইহঁতে গ্ৰহণ কৰা ভূমিকা সম্পৰ্কে শিক্ষাদান কৰা হয়। বিষয়বোৰৰ উপস্থাপনৰ লগত সংগতি ৰাখি মুকলি কুইজ প্ৰতিযোগিতা, বৃহত্তৰ এটা খৰ্গযুক্ত গঁড়ৰ বিষয়ক লৈ পাৰস্পৰিক মত বিনিময় আৰু দৃশ্যগত উপস্থাপন কৰা হয় । আৰণ্যকৰ জ্যেষ্ঠ বিষয়া আৰিফ হুছেইনে পৰিচালনা কৰা এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ প্ৰাক্তন অবৈতনিক বন্যপ্ৰাণী ৱাৰ্ডেন বাবুলী হাজৰিকা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰে।

বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ কাষত অৱস্থিত লোহিতমুখ বালিকা হাইস্কুলতো প্ৰায় ২৫০ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহনেৰে গঁড় সংৰক্ষণ সম্পৰ্কীয় অনুৰূপ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
“গঁড়ৰ বিদ্যালয় যাত্ৰা” অভিযানৰ অধীনত আৰণ্যকৰ একেটা সমল গোটেই কাজিৰঙা ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ গোমেৰী ৰেঞ্জৰ দাঁতি কাষৰীয়া নামনি মিছিং এম ই স্কুল পাকেন আৰু ২ নং বৰতামুলী এল পি স্কুলতো দুটা অনুৰূপ সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে । এই কাৰ্যসূচীত প্ৰায় ৩৫০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।


ডেভিড শ্বেফাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যনৰ সহযোগত ২৮ ডিচেম্বৰত এই কাৰ্যসূচী লানি অনুষ্ঠিত কৰা হৈছিল। উল্লেখ্য যে, এই অভিলাষী অভিযানৰ প্ৰধান লক্ষ্য হৈছে গঁড় বসতি স্থলৰ দাঁতি কাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গঁড় সংৰক্ষণ সম্পৰ্কীয় সজাগতা সৃষ্টি কৰা। এই কাৰ্যসূচী সমূহত বন্যপ্ৰাণী আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত নাগৰিকৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

Leave A Reply

Your email address will not be published.