danewsplus.com
danewsplus.com

চোৰৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া

0 169

ডিজিটেল ডেস্কঃ চোৰৰ ৰম্যভূমিত পৰিণত হৈছে ৰঙিয়া। বিভিন্ন সময়ত বাইক চুৰিৰ ঘটনা সংঘটিত হৈ অহাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহাৰ সময়তে মঙলবাৰে নিশা নগৰখনৰ মাজ মজিয়াৰ পৰা ডি আই ভান এখন চুৰিৰ ঘটনা পোহৰলৈ আহিছে । AS 25 EC 9972 নম্বৰৰ সামগ্ৰী কঢ়িওৱা এখন ডি আই ভান ৰঙিয়া নগৰৰ ময়ুৰী হোটেলৰ সন্মুখৰ পৰা চুৰি হয় ।সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হয় চি চি টিভিৰ কেমেৰাত । বুধবাৰে পুৱাৰ ভাগত গৰাকীয়ে চিচিটিভিৰ দৃশ্য প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত নিশ্চিত হয় । নিশা ১২ বাজিবলৈ মাত্ৰ কেইমুহুৰ্তমান সময় বাকী থকাৰ সময়তে চোৰে সংঘটিত কৰে ঘটনাটো ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.