danewsplus.com
danewsplus.com

জ্যেষ্ঠ সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসান

0 508

ডিজিটেল ডেস্কঃ জ্যেষ্ঠ সংগীতশিল্পী অপূৰ্ব বেজবৰুৱা আৰু নাই। বুধবাৰে সন্ধিয়াৰ ভাগত আহিল এই বেয়া খবৰটো। কোনো লোকে কল্পনা কৰিব নোৱাৰা ঘটনাটোৱে ঘটি গ’ল।

৭১ বছৰ বয়সত গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত মৃত্যু হয় বেজবৰুৱাৰ। প্ৰাপ্ত খবৰ অনুসৰি, অসুস্থতাৰ অন্তত ব্ৰেইন ষ্ট্ৰ’কত মৃত্যু হয় তেওঁৰ।

উল্লেখ্য যে, প্ৰায় ২ হাজাৰ গীত লিখি তেখেতে সমৃদ্ধ কৰিছিল গীতি সাহিত্য। মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে।

১৯৫১ চনৰ ১৫ অক্টোবৰত নাজিৰাত জন্ম হৈছিল জ্যোষ্ঠ সংগীত শিল্পীগৰাকীৰ। তেখেতে খাদ্য নিগমৰ বিষয়াৰূপে ২০১২ত অৱসৰ লৈছিল। বহু জনপ্ৰিয় গীত গাই থৈ গৈছে অপূৰ্ব বেজবৰুৱাই।

আন আন গীতৰ লগতে বিহুসুৰীয়া গীতৰ জনপ্ৰিয় শিল্পী আছিল অপূৰ্ব বেজবৰুৱা। প্ৰায় ২০০ কেছেটত কণ্ঠদান কৰিছিল বেজবৰুৱাই।

Leave A Reply

Your email address will not be published.