danewsplus.com
danewsplus.com

সৰুপথাৰত বিদ্যুৎ পৃষ্ঠ যুৱকৰ মৃত্যু

0 118

ডিজিটেল ডেস্ক: বিদ্যুৎ বিভাগৰ গাফিলটিৰ বাবেই এজন যুৱকে প্ৰাণ হেৰুৱালে গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানীত। উন্মুক্ত অৱস্থাত থকা ট্ৰেন্সফৰ্মাৰ বাবেই যুৱকজনে বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুক সাৱতি ল’ব লগা হয়।

টেঙানীৰ সুৰহুৰিয়া গাওঁৰ সঞ্জীৱ বৰ্মন নামৰ ব্যক্তিজনে অসাৱধান বশত উন্মুক্ত ট্ৰেন্স ফৰ্মাৰত লাগি থিতাতে নিহত হয়। নিহত ব্যক্তিজনে পত্নীৰ লগতে দুটি কণমানি শিশুক এৰি থৈ গৈছে।

ইফালে বিদ্যুৎ বিভাগৰ কাণ্ডজ্ঞানহীনতাক তীব্ৰ গৰিহণা দিছে স্থানীয় ৰাইজে। উল্লেখ্য যে বহু ঠাইত এতিয়াও অসংলগ্ন অৱস্থাত আছে বিদ্যুৎ তাঁৰ আৰু বিদ্যুত খুটাসমূহ।

Leave A Reply

Your email address will not be published.